শংকৰদেৱ শিশু নিকেতন, ঘিলামৰা (ইংৰাজী: Sankardev Shishu Niketon, Ghilamara) ঘিলামৰা নগৰৰ পৰা ৫০০ মিঃ দূৰত্বৰ মিলন নগৰত কেইজনমান বিদ্যানুৰাগীৰ সহযোগত ১৯ জানুৱাৰী ১৯৯৭ চনত স্থাপিত হৈছিল। বিদ্যালয়খন বিদ্যা ভাৰতীৰ সংবদ্ধ শিশু শিক্ষা সমিতি, অসমৰ অন্তৰ্গত আৰু বৰ্তমানৰ অধ্যক্ষৰ নাম গোবিন্দ চুতীয়া। ২০২২ বৰ্ষৰ ৮, ৯ আৰু ১০ জানুৱাৰীৰ কাৰ্যসূচীৰে বিদ্যালয়খনৰ ৰূপালী জয়ন্তী বৰ্ষৰ আৰম্ভণী অনুষ্ঠান আৰম্ভ হয়। এই বিদ্যালয়খনত ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি নতুন শ্ৰেণীকোঠাৰো নিৰ্মাণ কৰা হৈছে ৷ ৰূপালী জয়ন্তীৰ সামৰণি পৰে ২০২৩ বৰ্ষৰ ১৬, ১৭ আৰু ১৮ জানুৱাৰীৰ তিনিদিনীয়া কাৰ্যসূচীৰে ৷ বিদ্যালয়খনত অন্যান্য সা-সুবিধাসমূহৰ লগতে ডিজিটেল শ্ৰেণীকোঠাৰ সুবিধা উপলব্ধ।
২০২৩-২০২৪ শিক্ষাবৰ্ষৰ পৰা কাৰ্যকৰী হোৱাকৈ বিদ্যালয়খনৰ পৰিচালনা ব্যৱস্থাটো সম্পূৰ্ণৰূপে ডিজিটেল কৰাৰ ওপৰিও বিদ্যালয়খনত বিভিন্ন সেৱা সংযোজন কৰা হৈছে ।
আমি এনে ধৰণৰ জাতীয় শিক্ষা প্ৰণালীৰ বিকাশ সাধন কৰিব খোজো যাৰ দ্বাৰা আমাৰ মাজত এক শ্ৰেণীৰ নতুন পুৰুষ গঢ় লৈ উঠিব, যি সকল হিন্দুত্ব নিষ্ঠা আৰু ৰাষ্ট্ৰ ভক্তিত ওতঃপ্ৰোত ভাৱে জড়িত হয়, যি সকল শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক দৃষ্টিত পূৰ্ণ বিকশিত হৈ বৰ্তমান জীৱনৰ সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হʼবলৈ সমৰ্থ হয় আৰু গাওঁ, গিৰি, গুহাবাসী সকলো দীন-দুখী,অভাৱ ব্যস্ত বান্ধৱ সকলক শোষ আৰু অধ্যায় তথা সামাজিক কু-ৰীতিবোৰৰ পৰা মুক্ত ৰাষ্ট্ৰ জীৱনৰ সমভাগী কৰি সু-সংস্কৃত কৰি তুলিবলৈ সমৰ্থবান ভয়।আমি এনেকুৱা বালক গঢ়িম যে যিজনৰ চেহেৰাত উজ্বলতা,শৰীৰত বল, মনত প্ৰচণ্ড ইচ্ছাশক্তি,বুদ্ধিত প্ৰখৰতা, জীৱনত স্বাৱলম্বিতা আৰু শিৱ, প্ৰতাপ,ধ্ৰুৱ, প্ৰহ্লাদৰ জীৱনৰ আৰ্হিৰে অঙ্কিত হওঁক আৰু যাক দেখিলে মহাপুৰুষ সকলৰ স্মৃতি জাগ্ৰত হৈ উঠে।