• Call Us9101372421
  • Login

নিকেতন পৰিচালনা সমিতি

শংকৰদেৱ শিশু নিকেতন ঘিলামৰা ভাৰতীয় আদৰ্শৰ অনুকূলে  শিক্ষা পদ্ধতিৰ পৰিৱৰ্তন অনাৰ মানসেৰে গঠিত  সৰ্বভাৰতীয় শিক্ষা প্ৰতিষ্ঠান "বিদ্যা ভাৰতী" ৰ তত্ত্বাৱধানত অসমতো কেইগৰাকীমান শিক্ষানুৰাগী  ব্যক্তিয়ে "শিশু শিক্ষা সমিতি " এখন গঠন কৰে। পন্থ,সম্প্ৰদায়,পূজা পদ্ধতি নিৰ্বিশেষে শিক্ষাৰ ক্ষেত্ৰত বিকাশ সাধন কৰাই হʼল মূল উদ্দেশ্য । এই সমিতিৰ পৰিচালনাত  অসমৰ বিভিন্ন ঠাইত "শংকৰদেৱ শিশু নিকেতন" নামেৰে  প্ৰাক-প্ৰাথমিক, প্ৰাথমিক, উচ্চ মাধ্যমিক, আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰা হৈছে ।

লক্ষ্যভাৰতৰ শিশু সকলক চৰিত্ৰৱান আৰু আদৰ্শ  নাগৰিক  হিচাপে গঢ় দিয়া, যাতে তেওঁলোকৰ  -

  • জীৱন  ভাৰতীয় সংস্কৃতি আৰু জীৱনাদৰ্শৰে গঠিত হয়।
  • শৰীৰত বল,অন্তৰত আত্মবিশ্বাস আৰু তীক্ষ্ণ মেধা থাকে।
  • মুখত হাঁহি, কথাত মধুৰতা বিৰাজ কৰে।
  • দীন-দুখীয়াৰ প্ৰতি কৰুণাৰে সেই সকলৰ জীৱন সুখময় কৰাৰ প্ৰয়াস হয়।
  • জীৱনত  শাৰীৰিক, মানসিক, বৌদ্ধিক  আৰু আধ্যাত্মিক  জ্ঞানৰ অধিকাৰী হৈ পৰমেশ্বৰ স্বৰূপ  ৰাষ্ট্ৰ দেৱতাৰ চৰণত জীৱন অপণ কৰিব পৰা হয়।
  • জীৱন ভাৰতীয় সংস্কৃতি আৰু জীৱনাদৰ্শৰে গঠিত হয়।

উক্ত লক্ষ্য সমূহ পূৰণৰ  অৰ্থে  এই বিদ্যালয়ত :-

  • ভাৰতীয় শিক্ষা দৰ্শন আৰু সাংস্কৃতিক  শিক্ষাদানৰ আধাৰ হিচাপে লোৱা  হʼব।
  • স্বাভিমান, অনুশাসন,  কৰ্তব্যবোধৰ জাগৰণ তথা শ্ৰেষ্ঠ পৰম্মৰা আৰু ভাৰতীয় মূল্যবোধ আহৰণৰ কৰিবলৈ বিদ্যালয়ৰ পৰিবেশ সংস্কাৰক্ষম কৰি তোলা হয়।
  • বৰ্তমান সময়ৰ লগত খাপ খুৱাই বিজ্ঞান আৰু ব্যৱসায়  সম্পকীয় শিক্ষাদানৰ ব্যৱস্থা থাকিব।
  • শাৰীৰিক, প্ৰাণিক, বিকাশৰ কাৰণে খেল-ধেমালি, যোগাসন,ধ্যান আদিৰ ব্যৱস্থা কৰা হʼব।
  • সংস্কৃত, নৈতিক শিক্ষা, সাধাৰণ জ্ঞান, সংগীত,কলা, হস্তকলা আদি বিষয়বস্তু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হʼব আৰু লগতে বিভাগীয় পাঠ্যক্ৰমৰ নিয়মীয়া পাঠ্যক্ৰমো থাকিব।
  • শিক্ষাৰ মাধ্যম ৰাজ্যভাষা হʼব আৰু লগতে ইংৰাজী, হিন্দী, সংস্কৃত ভাষাৰো সম্যক শিক্ষা দিয়া হʼব।